হোমেন বৰগোহাঞি
হোমেন বৰগোহাঞি
চাৰিকড়ীয়া স্ৰোতস্বিনীয়ে সিদিনা বক্ষ উজাৰী ঘোষণা কৰিছিল
"মই মা হ'লোঁ"।
দুগ্ধেৰে মেটমৰা স্তনযুগল আঁচলেৰে কুচি-মুছি
আৱাহনী গাইছিল
পুত্ৰক সঞ্জীৱনী পান কৰিবলৈ
চাৰিকড়ীয়াৰ আবেস্তনিত লালিল- পালিত হৈ
পুত্ৰ হৈ পৰিছিল নোদোকা ঠেঁহ পতা এমাডিমা
পিতৃৰ আছিল লুতিয়াই পুৰণা কৰা আখৰৰ ডাঙৰী
চাৰিওফালে পকাধানৰ আমোল-মোল
সেউজীয়া, ধল মাছ, কলমৰ কুচকাৱাজ।
লাহে-লাহে এমাডিমাই আখৰ চিনিব পৰা হ'ল
আখৰ জোঁটাই শব্দ কৰে
শব্দই কথা কয়।
এদিন সি কটনলৈ গ'ল
কাম তিনিটা-
সুৰা খায়, জুৱা খেলে, কিতাপ পঢ়ে।
এদিন সুৰাক সত্যলৈ
জুৱাক কলমলৈ
পঢ়াক প্ৰজ্ঞালৈ ৰূপান্তৰ কৰিলে।
সুবালাক পঢ়ি আনক পঢ়ালে
মহাশ্বেতাৰ বিয়াৰ ৰহস্য ক'লে
গ্যেটে, উল্ফ, কাফ্কা, ফ্ৰয়েড, মেক্স, মাৰ্ক্স, আইনষ্টাইন, ৰবীন্দ্ৰক অসমীয়াক দিলে
"বনলতা সেন"ক খেতি কৰিলে
জুৱা খেলত সাপৰ ঝংকাৰ দেখিলে।
মানুহজনে স্বাস্থ্যৰ বাবে দৰৱ খুৱাইছিল
মনৰ বাবে ফুৰাবলৈ নিছিল
ফুলৰ বাবে বাগিছা পাতিছিল
চৰাইৰ বাবে ৰাতিপুৱা দিছিল
সেউজীয়াক দলিছা দিছিল
দুৰ্নীতিক নাহৰফুটুকীৰ চকু।
মানুহজনে সৰুক বৰ কৰিছিল
বৰক সমালোচনা কৰিছিল-
বৰগছ হওক (অভিপ্ৰায়)
মুধাফুটাকো ধমকিয়াইছিল
এমাডিমাকো ঘণ্টাজুৰি সন্ধান দিছিল
জ্ঞান, প্ৰজ্ঞা কৰ্ষণৰ
সেইবাবে তেখেত চিৰ তৰুণ, চিৰ নতুন।
"বন্দুকৰ শব্দত ৰাতি পুৱাইনে
ওহোঁ, পুৱাই সেই চৰাইটোৰ মাতত
যিটো চৰায়ে কুটি খায় ৰাতিৰ আন্ধাৰবোৰ লাহে- লাহে।"
মানুহজনৰ অন্তৰীক্ষত জ্বলিছিল কাল পুৰুষৰ তৰোৱাল।
অনেক পৰম্পৰা বিপৰ্য্যস্ত কৰিছিল
প্ৰগতিত যি পৰম্পৰাই বৈছিল হেঙাৰ।
মানুহজনৰ ভৰুণ চকুত দোঁ খাই আছিল
এহেজাৰ এটা তেজী ঘোঁৰা।
অথচ মানুহজন আছিল চাৰিকড়ীয়াৰ সন্তান।
✍️শ্ৰী দেৱজিত শইকীয়া।
স্নাতকোত্তৰ তৃতীয় ষান্মাসিক,
অসমীয়া বিভাগ,
ডিব্ৰুগড় বিশ্ববিদ্যালয়।
সুন্দৰ দেৱজিত।
ReplyDeleteঅতি সুন্দৰ হৈছে আপুনি, দেৱ
Deleteধন্যবাদ
Deleteবৰগোহাঞি দেৱ অসমৰ সমাজ-জীৱনৰ এক নজহা-নপমা ব্যক্তিত্ব।এজন ঋষিতুল্য ব্যক্তিক কেন্দ্ৰ কৰি ৰচনা কৰা এই কবিতাটো অতুলনীয় হৈছে বিশেষকৈ তেঁওৰ সৃষ্টিৰাজিক ক্যব্যৰ ভংগীমাৰে উপস্থাপন কৰাত কবি সফল হৈছে।
ReplyDeleteধন্যবাদ
Deleteভাল লাগিল দেৱজিত
ReplyDeleteধন্যবাদ
Deleteখুব সুন্দৰ।
ReplyDeleteধন্যবাদ
Deleteধুনীয়া হৈছে ❤️❤️🌼🌼
ReplyDeleteসুন্দৰ হৈছে
ReplyDeleteধন্যবাদ
Deleteসুন্দৰ ।
ReplyDeleteমন চুই গৈছে । ভাল লাগিল ❤️
ReplyDeleteধন্যবাদ
Deleteভাল হৈছে। জীৱন আৰু ব্যক্তিত্ব ফুটি উঠিছে। আলংকাৰিক ভাষা।
ReplyDeleteপ্ৰিয় সাহিত্যকগৰাকীৰ জীৱনটো ইমান সুন্দৰকৈ ফুটাই তুলিছ',খুব ভাল লাগিল কবিতাটো।
ReplyDeleteধন্যবাদ
Deleteভাললগা❤
ReplyDeleteপঢ়ি ভাল লাগিল দেৱজিৎ।
ReplyDeleteবৰগোহাঞিদেৱৰ জীৱন আৰু সৃষ্টিক বৰ সুন্দৰকৈ উপস্থাপন কৰিছা।
ধন্যবাদ
Deleteসুন্দৰ ❤️
ReplyDeleteধন্যবাদ
Deleteঅতি সুন্দৰ হৈছে দেই, দেৱজিৎ
ReplyDeleteআগুৱাই যোৱা আৰু এনেদৰে আগলৈও পঢ়িবলৈ পাই থাকিম বুলি আশা ৰাখিলোঁ। দেৱজিৎ, সুন্দৰ হৈছে।
ReplyDeleteধন্যবাদ
Deleteভাল লাগিল পঢ়ি। তেখেতৰ ব্যক্তিত্ব সদায় প্ৰিয়।
ReplyDeleteধন্যবাদ
Deleteধন্যবাদ
Deleteভাল লাগিল🌻
ReplyDeleteসুন্দৰ❣️
ReplyDeleteভাল লাগিল
ReplyDeleteধন্যবাদ
Deleteভাল লাগিল দেৱ🖤
ReplyDeleteধন্যবাদ
Deleteপঢ়ি ভাল লাগিল দেৱজিত। প্ৰিয় ব্যক্তিজনৰ জীৱন কাহিনী কাব্যিক ৰূপত স্পষ্টকৈ প্ৰকাশ কৰিছা 🌼
ReplyDeleteধন্যবাদ
Deleteভাল লাগিল দেৱজিত।
ReplyDeleteখুব সুন্দৰ হৈছে
ReplyDeleteধন্যবাদ
Deleteভাল লাগিল
ReplyDeleteধন্যবাদ
DeleteBhal lgise ❤️
ReplyDeleteধন্যবাদ
Deleteপঢ়ি ভাল পালোঁ। বৰ সুন্দৰকৈ লিখিলে দাদা।
ReplyDeleteধন্যবাদ
Deleteভাল হৈছে
ReplyDeleteধন্যবাদ
Deleteবৰ সুন্দৰ
ReplyDeleteসুন্দৰ
ReplyDeleteখুউব ধুনীয়া ❤
ReplyDeleteধন্যবাদ
Deleteসুন্দৰ হৈছে দেৱ
ReplyDeleteধন্যবাদ
Deleteভাল লাগিল দেৱজিৎ দা
ReplyDeleteধন্যবাদ
Deleteপঢ়ি ভাল লাগিল
ReplyDeleteধন্যবাদ
Deleteসুন্দৰ।
ReplyDeleteসুন্দৰ উপস্থাপন।
ReplyDeleteধন্যবাদ
Deleteবৰ সুন্দৰ হৈছে
ReplyDeleteধন্যবাদ
Deleteভাল হৈছে। আগবাঢ়ি যোৱা দেৱজিত
ReplyDeleteধন্যবাদ
Deleteসুন্দৰ দাদা
ReplyDeleteধন্যবাদ
Deleteভাল লাগিল ।
ReplyDeleteধন্যবাদ
Deleteভাল লাগিল
ReplyDeleteভাল লাগিল পঢ়ি
ReplyDeleteধন্যবাদ
Deleteঅতি সুন্দৰ উপস্থাপন
ReplyDeleteধন্যবাদ
Deleteসুন্দৰ লিখনি
ReplyDeleteধন্যবাদ
Deleteসুন্দৰ উপস্থাপন 👍
ReplyDeleteধন্যবাদ
Deleteখুব সুন্দৰ হৈছে।
ReplyDeleteধন্যবাদ
Deleteখুব ধুনীয়া...🌸💜
ReplyDeleteধন্যবাদ
Deleteভাল লাগিল 👍
ReplyDeleteধন্যবাদ
Deleteখুউব সুন্দৰ। ভাল লাগিল পঢ়ি
ReplyDeleteধন্যবাদ
Deleteবহুত ভাল লাগিল ককাই।
ReplyDeleteধন্যবাদ
Deleteসুন্দৰ
ReplyDeleteধন্যবাদ
Deleteভাল লাগিল দেৱজিৎ
ReplyDeleteধন্যবাদ
Deleteসুন্দৰ হৈছে
ReplyDeleteধুনীয়া লিখিছা
ReplyDelete