হোমেন বৰগোহাঞি

হোমেন বৰগোহাঞি

চাৰিকড়ীয়া স্ৰোতস্বিনীয়ে সিদিনা  বক্ষ উজাৰী ঘোষণা কৰিছিল   
"মই মা হ'লোঁ"।
দুগ্ধেৰে মেটমৰা স্তনযুগল আঁচলেৰে কুচি-মুছি 
আৱাহনী গাইছিল
পুত্ৰক সঞ্জীৱনী পান কৰিবলৈ

চাৰিকড়ীয়াৰ আবেস্তনিত লালিল- পালিত হৈ 
পুত্ৰ হৈ পৰিছিল নোদোকা ঠেঁহ পতা এমাডিমা

পিতৃৰ আছিল  লুতিয়াই পুৰণা কৰা আখৰৰ ডাঙৰী
চাৰিওফালে পকাধানৰ আমোল-মোল
সেউজীয়া, ধল মাছ, কলমৰ কুচকাৱাজ।

লাহে-লাহে এমাডিমাই আখৰ চিনিব পৰা হ'ল
আখৰ জোঁটাই শব্দ কৰে
শব্দই কথা কয়।
এদিন সি কটনলৈ গ'ল
কাম তিনিটা-
সুৰা খায়, জুৱা খেলে, কিতাপ পঢ়ে।
এদিন সুৰাক সত্যলৈ
জুৱাক কলমলৈ
পঢ়াক প্ৰজ্ঞালৈ ৰূপান্তৰ কৰিলে।

সুবালাক পঢ়ি আনক পঢ়ালে
মহাশ্বেতাৰ বিয়াৰ ৰহস্য ক'লে
গ্যেটে, উল্ফ, কাফ্কা, ফ্ৰয়েড, মেক্স, মাৰ্ক্স, আইনষ্টাইন, ৰবীন্দ্ৰক অসমীয়াক দিলে
"বনলতা সেন"ক খেতি কৰিলে
জুৱা খেলত সাপৰ ঝংকাৰ দেখিলে।

মানুহজনে স্বাস্থ্যৰ বাবে দৰৱ খুৱাইছিল
মনৰ বাবে ফুৰাবলৈ নিছিল
ফুলৰ বাবে বাগিছা পাতিছিল
চৰাইৰ বাবে ৰাতিপুৱা দিছিল
সেউজীয়াক দলিছা দিছিল
দুৰ্নীতিক নাহৰফুটুকীৰ চকু।

মানুহজনে সৰুক বৰ কৰিছিল
বৰক সমালোচনা কৰিছিল-
বৰগছ হওক (অভিপ্ৰায়)
মুধাফুটাকো ধমকিয়াইছিল
এমাডিমাকো ঘণ্টাজুৰি সন্ধান দিছিল
জ্ঞান, প্ৰজ্ঞা কৰ্ষণৰ
সেইবাবে তেখেত চিৰ তৰুণ, চিৰ নতুন।

"বন্দুকৰ শব্দত ৰাতি পুৱাইনে
ওহোঁ, পুৱাই সেই চৰাইটোৰ মাতত
যিটো চৰায়ে কুটি খায়  ৰাতিৰ আন্ধাৰবোৰ লাহে- লাহে।" 


মানুহজনৰ অন্তৰীক্ষত জ্বলিছিল কাল পুৰুষৰ তৰোৱাল।
অনেক পৰম্পৰা বিপৰ্য্যস্ত কৰিছিল
প্ৰগতিত যি পৰম্পৰাই বৈছিল হেঙাৰ।
মানুহজনৰ ভৰুণ চকুত দোঁ খাই আছিল
এহেজাৰ এটা তেজী ঘোঁৰা।
অথচ মানুহজন আছিল চাৰিকড়ীয়াৰ সন্তান।


✍️শ্ৰী দেৱজিত শইকীয়া।
স্নাতকোত্তৰ তৃতীয় ষান্মাসিক,
অসমীয়া বিভাগ,
ডিব্ৰুগড় বিশ্ববিদ্যালয়।

Comments

  1. সুন্দৰ দেৱজিত।

    ReplyDelete
    Replies
    1. অতি সুন্দৰ হৈছে আপুনি, দেৱ

      Delete
  2. বৰগোহাঞি দেৱ অসমৰ সমাজ-জীৱনৰ এক নজহা-নপমা ব্যক্তিত্ব।এজন ঋষিতুল্য ব্যক্তিক কেন্দ্ৰ কৰি ৰচনা কৰা এই কবিতাটো অতুলনীয় হৈছে বিশেষকৈ তেঁওৰ সৃষ্টিৰাজিক ক্যব্যৰ ভংগীমাৰে উপস্থাপন কৰাত কবি সফল হৈছে।

    ReplyDelete
  3. ভাল লাগিল দেৱজিত

    ReplyDelete
  4. ধুনীয়া হৈছে ❤️❤️🌼🌼

    ReplyDelete
  5. মন চুই গৈছে । ভাল লাগিল ❤️

    ReplyDelete
  6. ভাল হৈছে। জীৱন আৰু ব্যক্তিত্ব ফুটি উঠিছে। আলংকাৰিক ভাষা।

    ReplyDelete
  7. প্ৰিয় সাহিত্যকগৰাকীৰ জীৱনটো ইমান সুন্দৰকৈ ফুটাই তুলিছ',খুব ভাল লাগিল কবিতাটো।

    ReplyDelete
  8. পঢ়ি ভাল লাগিল দেৱজিৎ।
    বৰগোহাঞিদেৱৰ জীৱন আৰু সৃষ্টিক বৰ সুন্দৰকৈ উপস্থাপন কৰিছা।

    ReplyDelete
  9. অতি সুন্দৰ হৈছে দেই, দেৱজিৎ

    ReplyDelete
  10. আগুৱাই যোৱা আৰু এনেদৰে আগলৈও পঢ়িবলৈ পাই থাকিম বুলি আশা ৰাখিলোঁ। দেৱজিৎ, সুন্দৰ হৈছে।

    ReplyDelete
  11. ভাল লাগিল পঢ়ি। তেখেতৰ ব্যক্তিত্ব সদায় প্ৰিয়।

    ReplyDelete
  12. ভাল লাগিল দেৱ🖤

    ReplyDelete
  13. পঢ়ি ভাল লাগিল দেৱজিত। প্ৰিয় ব্যক্তিজনৰ জীৱন কাহিনী কাব্যিক ৰূপত স্পষ্টকৈ প্ৰকাশ কৰিছা 🌼

    ReplyDelete
  14. ভাল লাগিল দেৱজিত।

    ReplyDelete
  15. খুব সুন্দৰ হৈছে

    ReplyDelete
  16. পঢ়ি ভাল পালোঁ। বৰ সুন্দৰকৈ লিখিলে দাদা।

    ReplyDelete
  17. খুউব ধুনীয়া ❤

    ReplyDelete
  18. ভাল লাগিল দেৱজিৎ দা

    ReplyDelete
  19. সুন্দৰ উপস্থাপন।

    ReplyDelete
  20. বৰ সুন্দৰ হৈছে

    ReplyDelete
  21. ভাল হৈছে। আগবাঢ়ি যোৱা দেৱজিত

    ReplyDelete
  22. সুন্দৰ দাদা

    ReplyDelete
  23. ভাল লাগিল পঢ়ি

    ReplyDelete
  24. অতি সুন্দৰ উপস্থাপন

    ReplyDelete
  25. সুন্দৰ উপস্থাপন 👍

    ReplyDelete
  26. খুব সুন্দৰ হৈছে।

    ReplyDelete
  27. খুব ধুনীয়া...🌸💜

    ReplyDelete
  28. খুউব সুন্দৰ। ভাল লাগিল পঢ়ি

    ReplyDelete
  29. বহুত ভাল লাগিল ককাই।

    ReplyDelete
  30. ভাল লাগিল দেৱজিৎ

    ReplyDelete
  31. ধুনীয়া লিখিছা

    ReplyDelete

Post a Comment

Popular posts from this blog

Humanism in Bhupen Hazarika's songs

Prevention of Suicide due to exms GE,Writing for New Media practical exam 2021