Posts

Showing posts from January, 2022

হোমেন বৰগোহাঞি

হোমেন বৰগোহাঞি চাৰিকড়ীয়া স্ৰোতস্বিনীয়ে সিদিনা  বক্ষ উজাৰী ঘোষণা কৰিছিল    "মই মা হ'লোঁ"। দুগ্ধেৰে মেটমৰা স্তনযুগল আঁচলেৰে কুচি-মুছি  আৱাহনী গাইছিল পুত্ৰক সঞ্জীৱনী পান কৰিবলৈ চাৰিকড়ীয়াৰ আবেস্তনিত লালিল- পালিত হৈ  পুত্ৰ হৈ পৰিছিল নোদোকা ঠেঁহ পতা এমাডিমা পিতৃৰ আছিল  লুতিয়াই পুৰণা কৰা আখৰৰ ডাঙৰী চাৰিওফালে পকাধানৰ আমোল-মোল সেউজীয়া, ধল মাছ, কলমৰ কুচকাৱাজ। লাহে-লাহে এমাডিমাই আখৰ চিনিব পৰা হ'ল আখৰ জোঁটাই শব্দ কৰে শব্দই কথা কয়। এদিন সি কটনলৈ গ'ল কাম তিনিটা- সুৰা খায়, জুৱা খেলে, কিতাপ পঢ়ে। এদিন সুৰাক সত্যলৈ জুৱাক কলমলৈ পঢ়াক প্ৰজ্ঞালৈ ৰূপান্তৰ কৰিলে। সুবালাক পঢ়ি আনক পঢ়ালে মহাশ্বেতাৰ বিয়াৰ ৰহস্য ক'লে গ্যেটে, উল্ফ, কাফ্কা, ফ্ৰয়েড, মেক্স, মাৰ্ক্স, আইনষ্টাইন, ৰবীন্দ্ৰক অসমীয়াক দিলে "বনলতা সেন"ক খেতি কৰিলে জুৱা খেলত সাপৰ ঝংকাৰ দেখিলে। মানুহজনে স্বাস্থ্যৰ বাবে দৰৱ খুৱাইছিল মনৰ বাবে ফুৰাবলৈ নিছিল ফুলৰ বাবে বাগিছা পাতিছিল চৰাইৰ বাবে ৰাতিপুৱা দিছিল সেউজীয়াক দলিছা দিছিল দুৰ্নীতিক নাহৰফুটুকীৰ চকু। মানুহজনে সৰুক বৰ কৰিছিল বৰক সমালোচনা কৰিছিল- বৰগছ হওক (অভিপ্ৰায...